বিদ্যুত ক্ষেত্ৰ, বিভৱ আৰু বিভৱ ভেদ


প্ৰশ্ন ১ঃ বিদ্যুত আধানক কিহে গতি দিয়ে ?
ঊত্তৰঃ বিভৱ ভেদ।

প্ৰশ্ন ২ঃ বিদ্যুত ক্ষেত্ৰ বুলিলে কি বুজা ?
ঊত্তৰঃ এটা আহিত বস্তুয়ে চৌদিশে যিমান দুৰলৈকে অন্য আহিত বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে সেই গোটেই অংশটোক বিদ্যুত ক্ষেত্ৰ বুলে।

প্ৰশ্ন ৩ঃ বিদ্যুত বিভৱ কি?
ঊত্তৰঃ এখন বিদ্যুত ক্ষেত্ৰৰ কোনো এক বিন্দুলৈ অসীমৰ পৰা একক ধনাত্মক আধান আনোতে সম্পাদিত কাৰ্যৰ পৰিমানেই হৈছে বিদ্যুত বিভৱ ।

প্ৰশ্ন ৪ঃ বিভৱ ভেদ বুলিলে কি বুজা ? ইয়াৰ গাণিতিক প্ৰকাশ লিখা। ইয়াৰ একক কি ?
ঊত্তৰঃ প্ৰবাহযুক্ত বিদ্যুত বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক ধনাত্মক আধান নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ।

বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ(V) = সম্পন্ন কৰা কাৰ্য (W)/আধান(Q)

 i.e. V = W/Q

ইয়াৰ একক ভল্ট(V)।

প্ৰশ্ন ৫ঃ ১ভল্ট বিভৱ ভেদৰ সংজ্ঞা দিয়া।
ঊত্তৰঃ ১ ভল্ট হৈছে প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ, যদি ১ কুলম্ব আধান তাৰে এটা বিন্দুৰ পৰা ইটো বিন্দুলৈ চালিত কৰিবলৈ ১ জুল কাৰ্য কৰিব লগা হয়।

প্ৰশ্ন ৬ঃ বিভৱ ভেদ জুখিবলৈ ব্যৱহাৰ কৰা সজুঁলিটোৰ নাম লিখা।
ঊত্তৰঃ ভল্টমিটাৰ।

পৃষ্ঠা নং ২০২ৰ প্ৰশ্নোত্তৰ

১. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।
ঊত্তৰঃ বেটেৰী।

২. বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ  1V বুলিলে কি বুজা?
ঊত্তৰঃ ১ ভল্ট হৈছে প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ, যদি ১ কুলম্ব আধান তাৰে এটা বিন্দুৰ পৰা ইটো বিন্দুলৈ চালিত কৰিবলৈ ১ জুল কাৰ্য কৰিব লগা হয়।

৩. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ?
ঊত্তৰঃ প্ৰতি কুলম্ব আধানক দিয়া শক্তি ইয়াক গতি কৰাওঁতে সম্পন্ন কৰা কাৰ্যৰ সমান।

আমি জানো,
বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ(V) = সম্পন্ন কৰা কাৰ্য (W)/আধান(Q)

বা, সম্পন্ন কৰা কাৰ্য(W)  = বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ(V) x আধান(Q)

য'ত
Q = 1C
V = 6V
W = VxQ = 1 x 6 = 6 J

গতিকে, 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক 6 J শক্তি দিয়া হয়।

Comments

Popular posts from this blog

বৰ্তনী চিত্ৰ আৰু ওমৰ সূত্ৰ

বিদ্যুত প্ৰবাহ আৰু বৰ্তনী