বিদ্যুত প্ৰবাহ আৰু বৰ্তনী
প্ৰশ্নঃ বিদ্যুত প্ৰবাহ বুলিলে কি বুজা? ইয়াৰ গাণিতিক প্ৰকাশ লিখা। ইয়াৰ একক কি?
ঊত্তৰঃ বিদ্যুত প্ৰবাহ হৈছে একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ
মাজেৰে চালিত আধানৰ পৰিমান। অন্য কথাত ই হৈছে বিদ্যুত আধানৰ প্ৰবাহৰ হাৰ।
যদি কোনো পৰিবাহীৰ যিকোনো প্ৰস্হচ্ছেদৰ মাজেৰে t সময়ত Q আধান চালিত হয় তেতিয়া প্ৰস্হচ্ছেদৰ মাজেৰে বিদ্যুত প্ৰবাহ
হব
I=Q/t
বিদ্যুত প্ৰবাহক এম্পিয়াৰ
এককত প্ৰকাশ কৰা হয়।
প্ৰশ্নঃ বিদ্যুত আধান কি? ইয়াৰ একক লিখা।
ঊত্তৰঃ যিটো ধৰ্মৰ কাৰণে পদাৰ্থৰ কণা সমূহ(যেনে ইলেক্ট্ৰণ, প্ৰটন)এ
বিপৰীতধৰ্মী কণাসমূহক আকৰ্ষণ আৰু একে জাতীয় কণাক বিকৰ্ষণ কৰে সেইটো ধৰ্মই হৈছে
বিদ্যুত আধান।
ইয়াৰ একক কুলম্ব।
প্ৰশ্নঃ বিদ্যুত পৰিবাহী কি?
ঊত্তৰঃ যিবিলাক পদাৰ্থৰ মাজেৰে বিদ্যুত প্ৰবাহ চালিত হব পাৰে, সেইবোৰক বিদ্যুত পৰিবাহী বোলে।
প্ৰশ্নঃ বৰ্তনী কি?
ঊত্তৰঃ বিদ্যুত প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৰ্তনী
বোলে।
প্ৰশ্নঃ এক এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া।
ঊত্তৰঃ প্ৰতি ছেকেন্ডত এক কুলম্ব আধানৰ প্ৰবাহক এক এম্পিয়াৰ প্ৰবাহ
বোলে।
অৰ্থাত1A=1C/1s
প্ৰশ্নঃ এক কুলম্ব আধানৰ সংজ্ঞা দিয়া।
ঊত্তৰঃ এক এম্পিয়াৰ প্ৰবাহ চালিত হৈ থকা কোনো পৰিবাহীৰ ক্ষেত্ৰফলৰ
মাজেৰে এক ছেকেণ্ডত পাৰ হৈ যোৱা আধানৰ মানেই এক কুলম্ব।
অৰ্থাত1C=1Ax1s
প্ৰশ্নঃ বিদ্যুত প্ৰবাহ জুখিবৰ বাবে ব্যৱহাৰ কৰা সঁজুলিটো কি? ইয়াক
বৰ্তনী এটাত কেনেদৰে সংযোগ কৰা হয়।
ঊত্তৰঃ বিদ্যুত প্ৰবাহ জুখিবৰ বাবে ব্যৱহাৰ কৰা সঁজুলিটো হৈছে
এমিটাৰ। ইয়াক প্ৰবাহ জুখিব লগা বৰ্তনীটোত সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়।
প্ৰশ্নঃ এটা কোষ, এটা বাল্ব, এটা প্লাগ চাবি আৰু এটা এমিটাৰৰ সৈতে
বৈদ্যুতিক বৰ্তনী এটাৰ নক্সা চিত্ৰ আঁকা।

প্ৰশ্নঃ খালী ঠাই পূৰণ কৰা
ক)1mA = _____ A
খ)1µA = ______A
গ) ১
কুলম্ব আধান প্ৰায় ________ টা
ইলেক্ট্ৰণত থকা আধানৰ সমপৰ্যায়ৰ।
ঊত্তৰঃ
ক)1mA = 10‑3
A
খ)1µA = 10-6A
গ) ১
কুলম্ব আধান প্ৰায় 6.241 x 1018টা
ইলেক্ট্ৰণত থকা আধানৰ সমপৰ্যায়ৰ।
বিঃদ্ৰঃ
পৰম্পৰাগতভাৱে এটা বিদ্যুত
বৰ্তনীত প্ৰবাহৰ দিশ ধনাত্মক আধানযুক্ত কনাসমূহ যেনে প্ৰটন আদিৰ গতিৰ দিশৰ সৈতে
একেই আৰু ঋনাত্মক আধানযুক্ত কনাসমূহ যেনে ইলেক্ট্ৰন আদিৰ গতিৰ দিশৰ বিপৰিতে লোৱা
হয়।
Nice
ReplyDeleteSo nice
ReplyDelete